মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

আংকিক স্বচ্ছতা কোষ

কৰ্মচাৰীসকলৰ নিৰন্তৰ আত্ম মূল্যাংকন আৰু সাৰ্বজনীন স্থিতিমাপৰ বিৰুদ্ধে উচ্চ কৰ্তৃপক্ষৰ দ্বাৰা কৰ্মচাৰীসকলৰ সমৱৰ্তী কাৰ্যক্ষমতা নিৰীক্ষা কৰাৰ উদ্দেশ্য আগত ৰাখি ATM ৰ নক্সা প্ৰস্তুত কৰা হৈছে।

এই প্ৰণালী অনুযায়ী, প্ৰতিজন কৰ্মচাৰীয়ে ATM ৰ মানদণ্ড অনুসাৰে নিজৰ প্ৰদৰ্শনক মূল্যাংকন কৰিব লাগিব আৰু ত্ৰিমাসিক ভিত্তিত মাহৰ তিনি তাৰিখে তত্বাৱধায়ক কৰ্তৃপক্ষক এই মূল্যাংকনসমূহ জমা দিব লাগিব। পৰ্যবেক্ষণকাৰী অধিকাৰীয়ে তেখেতৰ মন্তব্যসমূহ প্ৰমাণ হিচাপে ATM ত সন্নিবিষ্ট কৰিব লাগিব আৰু কৰ্মচাৰী বৈঠকত প্ৰতিক্ৰিয়া সমূহ প্ৰকাশ কৰিব লাগিব। সম্পূৰ্ণ হোৱা ATM সমুহ কৰ্মচাৰীৰ ব্যক্তিগত ফাইলৰ লগত সন্নিবিষ্ট কৰিব লাগিব আৰু উপযুক্ত ৰণনীতি প্ৰস্তুত কৰিব লাগিব। গৰিষ্ঠ বিষয়াসকলে পৰ্যবেক্ষকৰ প্ৰতিক্ৰিয়াসমূহ পৰ্যালোচনা কৰিব লাগিব আৰু প্ৰদৰ্শন সমূহ অধিক মানদণ্ডৰ কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগিব।