মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

ই-পাচ: এক পৰিদৰ্শক অনুকুল অনলাইন পাৰপত্ৰ পদ্ধতি

অসম চৰকাৰৰ ১০০ দিনীয়া কাৰ্য পৰিকল্পনাৰ অধীনত সচিবালয় প্ৰশাসন বিভাগে এন আই চি, অসম ৰাজ্যিক গোটৰ সহযোগত অসম সচিবালয়ত প্ৰৱেশ কৰাৰ বাবে ই-পাছ নামেৰে এক ব্যাপক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। এই পদ্ধতি প্ৰৱৰ্তনৰ পাছৰে পৰা দেখা কৰিবলৈ অহা লোকৰ প্ৰৱেশ পত্ৰ, গাড়ীৰ প্ৰৱেশ পত্ৰ (স্থায়ী আৰু অস্থায়ী) আৰু বিশেষ প্ৰৱেশ পত্ৰ প্ৰদানৰ শাৰীৰিক প্ৰক্ৰিয়াক অনলাইন ৰূপ দিয়া হৈছে।

সচিবালয়ত প্ৰৱেশ কৰাৰ বাবে প্ৰৱৰ্তন কৰা ই-পাছ পদ্ধতি নাগৰিকসকলৰ বাবে এক আমনিমুক্ত আৰু পাৰদৰ্শী প্ৰক্ৰিয়া। নাগৰিকসকলে সৰ্বাধিক ৫ দিনৰ আগেয়ে সচিবালয়ত প্ৰৱেশৰ বাবে আবেদন কৰিব পাৰিব আৰু সুৰক্ষা দ্বাৰৰ পৰাই নিজৰ প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

ইয়াৰ উপৰিও, ১ অক্টোবৰ ২০১৬ ৰ পৰা ই-পাছ ব্যৱস্থা কাৰ্যকৰী কৰা হেতুকে সচিবালয় প্ৰশাসনিক বিভাগে নিম্নলিখিত উন্নয়ন সাধন কৰিছে-

  • দেখা কৰিবলৈ অহা লোকসকলক কাগজৰ প্ৰৱেশ পত্ৰ দিয়াৰ পৰিৱৰ্তে এচএমএচ () ৰ দ্বাৰা প্ৰৱেশ পত্ৰৰ যোগান ধৰা হয়।
  • আগন্ত্তকসকলক এচ এম এচ() ৰ জৰিয়তে একোটি প্ৰস্থান নম্বৰ দিয়া হ’ব। প্ৰতিজন দৰ্শক সচিবালয়ৰ পৰা বাহিৰ ওলোৱাৰ আগতে কাৰ্যালয়ত এই নন্বৰটি প্ৰদৰ্শন কৰাটো অতিকৈ আৱশ্যকীয়। অন্যথা নাগৰিকজন আকৌ সচিবালয়ত প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি হ’ব পাৰে।
  • সচিবালয়ত প্ৰৱেশ কৰাৰ সময়ত একোটা বৈধ পৰিছয় পত্ৰ/পৰিছয় প্ৰমান/(ভোটাৰ কাৰ্ড/পান কাৰ্ড/পাছপোৰ্ট) প্ৰদৰ্শন কৰাটো বাধ্যতামূলক।