মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

ফাইল ব্যৱস্থাপন পদ্ধতি

প্ৰশাসনিক দিশত পাৰদৰ্শিতা, প্ৰভাৱশীলতা আৰু সৰলতা আনিবৰ বাবে অসম চৰকাৰে বিভিন্ন কৌশলগত উদ্যোগ হাতত লৈছে। চৰকাৰৰ এই কাৰ্যসূচী অধিক কুশলতাৰে সম্পন্ন কৰিবৰ বাবেই ‘ই-অফিচ’ প্ৰণালীক প্ৰৱৰ্তন কৰা হৈছে। ‘ই-অফিচ’ ৰ এক অভিন্ন অংগ- “ফাইল প্ৰৱন্ধন প্ৰণালী(File Management System)” ভাৰত চৰকাৰৰ “ৰাষ্ট্ৰীয় ই-শাসন” ৰ অধীনৰ এক মিশন মোড প্ৰকল্প। সূচনা অনুযায়ী তথ্য আৰু আৱণ্টন/ সেৱাসমূহক ব্যৱস্থাপিত কৰিবৰ বাবে NIC ৰ দ্বাৰা বিকশিত ‘ই-অফিচ লাইট(ই-ফাইল)’ প্ৰণালীক দাঙি ধৰাৰ প্ৰস্তাৱ ৰখা হৈছে।

এই প্ৰণালীৰ মূখ্য বিশেষত্ব সমূহ তলত দিয়া ধৰণৰ-

  • আগন্তুক দিনত তথ্য সমূহৰ ওপৰত নজৰ ৰখাৰ বাবে আভ্যন্তৰীণ সন্দৰ্ভৰ লগতে উৎপন্ন হোৱা সংখ্যাৰ জমাকৰণ
  • ভৱিষ্যত ব্যৱহাৰৰ উদ্দেশ্যে প্ৰত্যেক সংগ্ৰহকাৰী বিভাগৰ পৰা এচ এম এচ() বা মেইল যোগে নাগৰিকসকলক এক স্বীকাৰোক্তি আৰু স্বীকাৰ পত্ৰৰ সংখ্যা প্ৰদান
  • প্ৰসংগ সমূহৰ সূচীৰ সৈতে মিলাই ফাইল প্ৰস্তুতকৰণ
  • এটা ক্লিকতে ফাইঅল সমূহৰ চলাচলৰ ওপৰত নজৰ ৰখা।