মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

মানৱ সম্পদ: মানৱ সম্পদ ব্যৱস্থাপনাৰ বাবে এক ই-সাধন

“মানৱ সম্পদ” অথবা মানৱ সম্পদ ব্যৱস্থাপন পদ্ধতি হৈছে চৰকাৰী বিভাগসমূহৰ সিদ্ধান্ত গ্ৰহণ আৰু জনশক্তি পৰিকল্পনা, নিয়োগ, পদোন্নতি আৰু স্থানান্তৰণ আদি পৰ্যবেক্ষণ কৰাত এক সাধাৰণ সমধান । চৰকাৰী কৰ্মচাৰী সমূহৰ কৰ্ম পুস্তিকাৰ ইলেকট্ৰনিক ৰেকৰ্ড প্ৰস্তুত ৰখাই হৈছে “মানৱ সম্পদ” ৰ মূল লক্ষ্য।

“মানৱ সম্পদ”ৰ সুবিধাসমূহ-

  • কৰ্মচাৰীসমূহৰ তথ্যসমূহ ইলেকট্ৰনিক মাধ্যমৰ যোগেদি ‘ই-চাৰ্ভিচ বুক’ হিচাপে লিপিবদ্ধ কৰা হয় যিয়ে সকলো কৰ্মচাৰীকে বিচাৰিব পৰা এক ডাটাবেছ ৰ সৃষ্টি কৰে।
  • পদোন্নতি, স্থানান্তৰণ, বেতন বৃদ্ধি, নিযুক্তিকৰণ, অৱসৰ তথা বিভাগীয় কাৰ্যসমূহ বাহাল ৰখাত ব্যৱহৃত শাৰীৰিক কষ্ট লাঘৱ কৰে।
  • অলাগতিয়াল বিভিন্ন কাগজী কাৰ্যসমূহৰ লেথা শেষ কৰে যাৰ পৰিণামস্বৰূপে কামসমূহ দ্ৰূতগতিত সম্পন হয়।
  • জনশক্তি পৰিকল্পনা, স্থানান্তৰণ, নিয়োগ আদিৰ প্ৰভাৱী নিৰ্ণয় ল’বৰ বাবে একোটা প্ৰশ্ন আধাৰিত প্ৰণালী।
  • অসংগত ৰেকৰ্ড পালন দূৰীকৰণ।
  • কৰ্মচাৰীসমকলে নিজৰ সেৱা পুস্তিকা নিজে পৰ্যবেক্ষণ কৰিব পাৰে আৰু যিকোনো ধৰণৰ বিসংগতিৰ বিষয়ে সম্পৰ্কীয় বিভাগসমূহক অৱগত কৰিব পাৰে। ইয়ে পদ্ধতিটোত পাৰদৰ্শিতাৰ এক তত্ব প্ৰদৰ্শন কৰে।