মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

স্ব-সঞ্চালিত শিক্ষণ

আত্ম শিক্ষাৰ বাবে এটা পাৰিবেক্ষিক তন্ত্ৰৰ গঠন কৰাটো একোটা সংগঠনৰ প্ৰধান কাম।প্ৰত্যেক বিভাগত প্ৰতি দুসপ্তাহৰ মূৰত একোটা কাৰ্যবাহী দিনত সম্প্ৰ্ণ আবেলিৰ সময় খিনি “Self Learning” ৰ বাবে বাধ্যতামূলকহোৱাটো জৰুৰী আৰু কৰ্মচাৰীসকলে যাতে আত্ম শিক্ষা আৰু জ্ঞানবৰ্দ্ধ্নৰ বাবে যাতে নিজকে সমৰ্পিত কৰে তাৰ বাবে উৎসাহিত কৰিব লাগিব। বিভাগীয় গৰিষ্ঠ বিষয়াসকলে সকলোধৰণৰ আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব, যেনে- কিতাপ আহৰণ কৰা, ইণ্টাৰনেটৰ পৰা সাধন সমূহৰ লগত চিনাকী হোৱা, আত্ম- শিক্ষাৰ অধিকতম উপযোগ সুনিশ্চিত কৰা।