মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

মোৰ ক্ৰিয়াশীল সামৰ্থ্যৰ কেনেকৈ উন্নতি ঘটাম

মূল বিষয়:

  • অসামৰিক সেৱাৰ আন এক কুশল প্ৰণালী আহৰণ কৰাৰ উদ্দেশ্যেৰে এক যোগ্যতা আধাৰিত দৃষ্টিকোণ।
  • এক মঞ্চ যিয়ে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলৰ নিৱেশৰ আদান প্ৰদান কৰাত উৎসাহ প্ৰদান কৰে।
  • মূখ্য আৰু চাকৰি বিশিষ্ট যোগ্যতা সন্নিৱিষ্ট।
  • অসম ইনষ্টিটিউট অফ মেনেজমেণ্ট, প্ৰশাসনিক ষ্টাফ কলেজ আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগত কৃত।

অৱলোকন:

অসম ৰাজ্যিক প্ৰশিক্ষণ নীতি, ২০১২ য়ে স্বীকাৰ কৰিছে যে, নাগৰিকৰ সেৱাক অধিক উন্নত কৰিবৰ বাবে এক যোগ্যতা আধাৰিত দৃষ্টিকোণৰ অতিকৈ আৱশ্যক। নাগৰিকসকলৰ এক মঞ্চ প্ৰদান কৰিব লাগে য’ত তেওঁলোকে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবে ইনপুট অথবা নিবেশ প্ৰাপ্ত কৰিব পাৰে।

ৰাজ্যিক প্ৰশিক্ষণ নীতিৰ মিশন আৰু উদ্দেশ্যক আগত ৰাখি, সচিবালয় প্ৰশাসন বিভাগে সচিবালয়ৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে এক যোগ্যতা আধাৰিত প্ৰশিক্ষণৰ আয়োজনৰ ভাৰ হাতত লৈছে।

অৰ্হতা:

কৰ্মক্ষেত্ৰৰ দক্ষতাক অধিক সবল কৰাৰ উদ্দেশ্যে ৩ ৰ পৰা ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থকা মধ্যস্তৰৰ কৰ্মচাৰীসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

গুৰুত্বপূৰ্ণ সময়সীমা:

প্ৰযুক্তিগত/পৰিচালনাত্মক কৰ্মশালাসমূহ পুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হয় আৰু দিনটোৰ খতিয়ান আৰু তাৰ প্ৰতিক্ৰিয়াসমূহৰ সমীক্ষাসহ সন্ধিয়া ৬:০০ বজাত অন্ত হয়। অসম ইনষ্টিটিউট অফ মেনেজমেণ্টৰ উদ্যোগত দুপৰীয়া ১২:৩০ বজাৰ পৰা ১:৩০ লৈকে লঘু আহাৰৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হয় আৰু লগতে দুবাৰকৈ চাহ বিৰতিৰ আয়োজন কৰা হয়।

সেৱাৰ প্ৰকাৰ:

এয়া এক G2E সেৱা।

যোগাযোগ কৰক:

ফাইল প্ৰৱন্ধন পধতিৰ লগত জড়িত যিকোনো ধৰণৰ প্ৰশ্ন বা সহায়তাৰ বাবে, ০৩৬১-২২৩৪৭৫ নম্বৰত যোগাগোগ কৰক।

শ্ৰী মুকুল কুমাৰ শইকীয়া
যুক্ত সচিব, সচিবালয় প্ৰশাসনিক বিভাগ
দুৰভাষ: ৯৪৩৫০৮১১৪৯
ই-মেইল: mukul.saikia@gov.in