মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

অসম সচিবালয়ৰ ই-পাচ ব্যৱস্থা

  • মূল বিষয়:

    • অসম সচিবালয় চৌহদত প্ৰৱেশৰ বাবে এয়া এক দেখা কৰিবৰ উদ্দেশ্যে অহা লোক বা পৰিদৰ্শকৰ উদ্দেশ্যে প্ৰস্তুত কৰা মিত্ৰতাপূৰ্ণ অনলাইন পাচ ব্যৱস্থা।
    • এয়া নাগৰিকসকলৰ বাবে এক মসৃন আৰু স্বচ্ছ প্ৰক্ৰিয়া।
    • চমু বাৰ্তা সেৱা বা SMS ৰ মাধ্যমেৰে প্ৰৱেশৰ সংখ্যা লাভ কৰিবৰ বাবে এটি সথিক যোগাযোগ নম্বৰৰ প্ৰয়োজন হয়।
    • কোনো ব্যক্তিয়ে যদি কোনো কাৰণবশত: বাৰ্তাৰ মাধ্যমেৰে প্ৰৱেশ পত্ৰ লাভ কৰিবলৈ সক্ষম নহয় তেতিয়াহলে সেই ব্যক্তিগৰাকীয়ে অফলাইনত প্ৰৱেশ পত্ৰ লাভৰ বাবে আবেদন কৰিব পাৰে।
    • সচিবালয় চৌহদত প্ৰৱেশৰ সময়ত দেখা কৰিবলৈ যোৱা ব্যক্তিসকলে নিজৰ পৰিচয়পত্ৰ(ভোটাৰ পৰিচয় পত্ৰ/পেন কাৰ্ড) ইত্যাদি প্ৰদৰ্শন কৰিব লাগিব।
    • সচিবালয় চৌহদত প্ৰৱেশৰ বাবে কোনো মাচুল নালাগে।

    অৱলোকন

    চৰকাৰৰ এশদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে অসম সচিবালয়ৰ প্ৰশাসনিক বিভাগে বা অসম ৰাজ্যিক গোটক সহযোগী হিচাপে লৈ অসম সচিবালয়ৰ বাবে এক ব্যাপক (বিস্তৃত) ই-পাচ ব্যৱস্থাৰ উত্তৰণ ঘটাইছে আৰু এই ব্যৱস্থাই পৰিচিতি লাভ কৰাৰ পিছত পৰিদৰ্শনৰ উদ্দেশ্যে অহা ব্যক্তিৰ প্ৰৱেশ পত্ৰ, গাড়ী প্ৰৱেশৰ অনুমতি পত্ৰ (স্থায়ী আৰু অস্থায়ীভাৱে) আৰু বিশেষ প্ৰৱেশ পত্ৰ সমূহৰ কাৰ্য অনলাইন যোগে সম্পাদন কৰা হয়।

    ই-পাচ ব্যৱস্থাই জনসাধাৰণলৈ সচিবালয় চৌহদত প্ৰৱেশৰ ক্ষেত্ৰত এক সৰল প্ৰক্ৰিয়া আগবঢ়াই আনিছে। ইয়াৰ বাবে পৰিদৰ্শন কৰিবলৈ বিচৰা নাগৰিকে অনলাইন প্ৰৱেশ পত্ৰ লাভৰ বাবে পাঁচ দিন আগতে আবেদন কৰিব লাগে। প্ৰৱেশ পত্ৰ সমূহ নাগৰিকে সুৰক্ষা দুৱাৰত সংগ্ৰহ কৰি ল’ব লাগে।

    ২০১৬ বৰ্ষৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা ই-পাচ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত SAD এ কৰা উন্নয়নসমূহ তলত দিয়া ধৰণৰ-

    • কাগজৰ শ্লিপৰ পৰিৱৰ্তে পৰিদৰ্শকসকলে প্ৰৱেশ পত্ৰ ৰ মাধ্যমেৰে লাভ কৰিব।
    • সেই সংশ্লিষ্ট বাৰ্তাটোত এটি প্ৰস্থান সংখ্যাও দিয়া থাকিব যিটো সচিবালয় চৌহদৰ পৰা প্ৰস্থান কৰাৰ পূৰ্বে সচিবালয় গণ সেৱা কেন্দ্ৰৰ কাউণ্টাৰত সন্নিৱিষ্ট কৰাটো বাধ্যতামূলক।অন্যথা তেওঁৰ দ্বিত্বীয়বাৰ প্ৰৱেশ স্বীকাৰ কৰা ন’হব পাৰে।
    • সচিবালয় চৌহদত প্ৰৱেশৰ পৰত পৰিদৰ্শন কৰিবলৈ অহা ব্যক্তিয়ে নিজৰ বৈধ প্ৰমাণপত্ৰ (ভোটাৰ পৰিচয় পত্ৰ/ পেন কাৰ্ড) ইত্যাদি প্ৰদৰ্শন কৰাটো বাধ্যতামূলক।

    প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশনাসমূহ

    প্ৰৱেশপত্ৰ সংখ্যা লাভৰ বাবে ব্যক্তিগৰাকীয়ে তেওঁৰ যোগাযোগৰ নম্বৰ প্ৰদান কৰিব লাগে।

    মাচুল

    কোনো ধৰণৰ মাচুলৰ প্ৰয়োজন নহয়।

    প্ৰয়োজনীয় নথি-পত্ৰ সমূহ

    • বাহনৰ স্থায়ী পাচ-

    চৰকাৰী বাহনৰ ক্ষেত্ৰত আপলোড কৰিবলগীয়া প্ৰয়োজনীয় নথি-পত্ৰসমূহ তলত দিয়া ধৰণৰ-
    ১) পঞ্জীয়ন প্ৰমাণপত্ৰ,
    ২) চালকৰ অনুজ্ঞাপত্ৰ,
    ৩) আগৰ বৰ্ষৰ বাহনৰ পাচ(যদি উপলব্ধ)
    ৪) বিষয়াগৰাকীৰ বিভাগীয় পৰিচয়পত্ৰ।

    ব্যক্তিগত আৰু নিজে চালনা নকৰা বাহনৰ ক্ষেত্ৰত আপ্লোড কৰিবলগীয়া নথি পত্ৰসমূহ তলত দিয়া ধৰণৰ-
    ১) পঞ্জীয়ন প্ৰমানপত্ৰ,
    ২) চালকৰ অনুজ্ঞাপত্ৰ,
    ৩) আগৰ বৰ্ষৰ বাহনৰ পাচ (যদি উপলব্ধ),
    ৪) বিষয়াগৰাকীৰ বিভাগীয় পৰিচয়পত্ৰ নতুবা ফটো পৰিচয়পত্ৰ।

    ব্যক্তিগত আৰু নিজে চালনা কৰা বাহনৰ ক্ষেত্ৰত আপলোড কৰিবলগীয়া নথিপত্ৰসমূহ-
    ১) পঞ্জীয়ন প্ৰমানপত্ৰ,
    ২) আগৰ বৰ্ষৰ বাহনৰ পাচ (যদি উপলব্ধ),
    ৩) চালকৰ অনুজ্ঞাপত্ৰ,
    ৪) বিষয়াগৰাকীৰ বিভাগীয় পৰিচয়পত্ৰ বা ফটো পৰিচয় পত্ৰ।

    ভাড়া কৰা বাহনৰ ক্ষেত্ৰত আপলোড কৰিবলগীয়া নথি পত্ৰসমূহ হৈছে-
    ১) পঞ্জীয়ন প্ৰমানপত্ৰ,
    ২) চালকৰ অনুজ্ঞাপত্ৰ,
    ৩) ভাড়া কৰা বাহনৰ বা আৱণ্টন আদেশ,
    ৪) বিষয়াগৰাকীৰ বিভাগীয় পৰিচয়পত্ৰ বা ফটো পৰিচয় পত্ৰ।

    • অস্থায়ী প্ৰৱেশপত্ৰৰ বাবে-

    ১) সংশ্লিষ্ট বিভাগৰ সচিবৰ অনুমোদন।
    ২) Work Order বা কাৰ্য আদেশৰ প্ৰতিলিপি।
    ৩) বিভাগীয় পৰিচয়পত্ৰ বা ভোটাৰ পৰিচয়পত্ৰ, পেন কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ ইত্যাদি।

    গুৰুত্বপূৰ্ণ সময়সীমা

    এই সুবিধা মংগলবাৰ আৰু শনিবাৰে উপলব্ধ নহয়। নাগৰিকসকলে দেখা কৰাৰ ৫ দিন আগৰ পৰাই অনলাইন পাচৰ বাবে আবেদন কৰিব পাৰে আৰু সুৰক্ষা দ্বাৰৰ পৰাই ইয়াক সংগ্ৰহ কৰিব পাৰে।

    কিদৰে আবেদন কৰিব পাৰি

    সেৱাৰ প্ৰকাৰ

    এয়া এক G2C সেৱা

    পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

    যদি কোনো ব্যক্তিয়ে SMS বাৰ্তাৰ জৰিয়তে প্ৰৱেশ পত্ৰৰ সংখ্যা লাভ কৰিবলৈ সক্ষম নহয় তেতিয়াহ’লে ব্যক্তিগৰাকীয়ে অফলাইনত প্ৰৱেশ পত্ৰৰ বাবে আবেদন কৰিব পাৰে।

    যোগাযোগ কৰক

    শ্ৰীযুত ব্ৰজেন চন্দ্ৰ দাস, এ চি এচ
    স্ংযুক্ত সচিব,
    অসম সচিবালয় ব্লক-এ, দ্বিত্বীয় মহলা
    দিছপুৰ, গুৱাহাটী, অসম-৭৮১০০৬
    দুৰভাষ: ৯৪৩৫১৫৭৭৩৯