মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

ই-অফিচ- ফাইল ব্যৱস্থাপন পদ্ধতি

  • প্ৰশাসনিক দিশত পাৰদৰ্শিতা, প্ৰভাৱশীলতা আৰু সৰলতা আনিবৰ বাবে অসম চৰকাৰে বিভিন্ন কৌশলগত উদ্যোগ হাতত লৈছে। চৰকাৰৰ এই কাৰ্যসূচী অধিক কুশলতাৰে সম্পন্ন কৰিবৰ বাবেই ‘ই-অফিচ’ প্ৰণালীক প্ৰৱৰ্তন কৰা হৈছে। ‘ই-অফিচ’ ৰ এক অভিন্ন অংগ- “ফাইল প্ৰৱন্ধন প্ৰণালী (File Management System)” ভাৰত চৰকাৰৰ “ৰাষ্ট্ৰীয় ই-শাসন” ৰ অধীনৰ এক মিশন মোড প্ৰকল্প। সূচনা অনুযায়ী তথ্য আৰু আৱণ্টন/ সেৱাসমূহক ব্যৱস্থাপিত কৰিবৰ বাবে National e-Governance Programme ৰ দ্বাৰা বিকশিত ‘ই-অফিচ লাইট(ই-ফাইল)’ প্ৰণালীক দাঙি ধৰাৰ প্ৰস্তাৱ ৰখা হৈছে।

    এই প্ৰণালীৰ মূখ্য বিশেষত্ব সমূহ তলত দিয়া ধৰণৰ-

    • আগন্তুক দিনত তথ্য সমূহৰ ওপৰত নজৰ ৰখাৰ বাবে আভ্যন্তৰীণ সন্দৰ্ভৰ লগত উৎপন্ন হোৱা সংখ্যাৰ জমাকৰণ।
    • ভৱিষ্যত ব্যৱহাৰৰ উদ্দেশ্যে প্ৰত্যেক সংগ্ৰহকাৰী বিভাগৰ পৰা এচ এম এচ(SMS) বা মেইল যোগে নাগৰিকসকলক এক স্বীকাৰোক্তি আৰু স্বীকাৰ পত্ৰৰ সংখ্যা প্ৰদান।
    • প্ৰসংগ সমূহৰ সূচীৰ সৈতে ফাইল প্ৰস্তুতকৰণ
    • এটা ক্লিকতে ফাইল সমূহৰ চলাচলৰ ওপৰত নজৰ ৰখা।